ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত আৰম্ভ হ’ব। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইন্সলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰি শৃংখলাটোত ২-১ৰ অগ্ৰগতি লাভ কৰি আছে। সূর্য কুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে শৃংখলাটো দখলৰ বাবে আজি আপ্রাণ চেষ্টা চলাব । ইপিনে ভাৰতৰ বেগী বলাৰ জছপ্রীত বুমৰাক ইতিহাস ৰচনাৰ বাবে মাত্ৰ এটা উইকেটৰ প্ৰয়োজন। আজিৰ খেলখনত এটা উইকেট লাভ কৰিলে বুমৰাই টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ১০০টা উইকেট লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’ব।
Site Admin | November 8, 2025 12:18 PM | India Face Australia in Final T20 at Brisbane; Bumrah Eyes Historic 100th T20I Wicket
ব্ৰীছবেনত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ শৃংখলাৰ অন্তিমখন খেল