ভাৰত আৰু ইউৰোপীয় সংঘই সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন তথা ৱেষ্ট-টু-হাইড্ৰ’জেন অর্থাৎ আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণ প্ৰযুক্তি বিকাশৰ লক্ষ্যৰে ৩৯১ কোটি টকাৰ যৌথ বিনিয়োগেৰে দুটা বৃহৎ গৱেষণা আৰু উদ্ভাৱন পদক্ষেপ গ্রহণ কৰিছে। বিশ্বব্যাপী প্রচেষ্টা চলাই থকা সত্ত্বেও সাগৰীয় প্ৰদূষণে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ উপৰি পৰিৱেশতন্ত্ৰ বিঘ্নিত কৰি মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাই আহিছে। ইয়াৰ প্ৰতিকাৰস্বৰূপে, ভাৰত আৰু ইউৰোপীয় সংঘই সাগৰীয় প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ এটি সহযোগিতামূলক কাৰ্যসূচী আৰম্ভ কৰিছে, য’ত বিশেষকৈ সাগৰীয় প্লাষ্টিক আৱৰ্জনাৰ উদ্বেগজনক বিষয়টোত গুৰুত্ব আৰোপ কৰা হৈছে। দ্বিতীয়টো যৌথ পদক্ষেপৰ মাধ্যমেৰে আৱৰ্জনাসমূহ সেউজ হাইড্ৰ’জেনলৈ ৰূপান্তৰিত কৰা প্ৰযুক্তিৰ বিকাশেৰে বহনক্ষম শক্তি সমাধানৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্য লোৱা হৈছে৷ স্বচ্ছ শক্তিৰ দিশত বিশ্বব্যাপী আগ্রহ বৃদ্ধিৰ সময়তে জৈৱিক আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰিত কৰা পদক্ষেপে বহনক্ষমতাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত অৰিহণা যোগোৱাৰ আশা কৰা হৈছে। এই সহযোগিতাৰ প্ৰশংসা কৰি চৰকাৰৰ প্রধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ ছুদে সহযোগিতামূলক গৱেষণাক উদ্ভাৱনৰ মূল ভেঁটি বুলি মন্তব্য কৰি বিষয়টোত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, এই পদক্ষেপসমূহে ভাৰতীয় আৰু ইউৰোপীয় গৱেষকৰ শক্তিক ব্যৱহাৰ কৰি উভয়ৰে পৰিৱেশজনিত প্ৰত্যাহ্বানসমূহ সমাধানৰ পথ প্ৰশস্ত কৰিব।
ভাৰত আৰু ইউৰোপীয় সংঘৰ সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন, আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণৰ পদক্ষেপ গ্রহণ
