ডাউনলোড
মোবাইল এপ

android apple
signal

July 25, 2025 12:58 PM | cm on tea

printer

ভাৰত-ইংলেণ্ডৰ মাজত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে চাহ ৰপ্তানি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব : মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

ভাৰত আৰু ইংলেণ্ডৰ মাজত কালি স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে চাহ ৰপ্তানি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। চুক্তিখনৰ অধীনত ভাৰতীয় চাহ ব্ৰিটেইনলৈ শুল্কবিহীনভাৱে ৰপ্তানি কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ পূৰ্বে এই সুবিধা ইনষ্টেণ্ট কফি, মচলা আৰু অন্যান্য কেতবোৰ কৃষিজাত সামগ্ৰীৰ কাৰণেহে নিৰ্ধাৰিত আছিল। শুল্কবিহীন ৰপ্তানি ব্যৱস্থাই ভাৰতীয় চাহৰ বজাৰ প্ৰসাৰিত কৰিব বুলি ড° শৰ্মাই আশা প্রকাশ কৰিছে। বৰ্তমান দেশৰ চাহ ৰপ্তানিৰ ৫ দশমিক ৬ শতাংশ ইংলেণ্ডলৈ হোৱাৰ বিপৰীতে এই চুক্তিয়ে ৰপ্তানিৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত চাহৰ লগতে দেশৰ সামগ্রিক কৃষি ৰপ্তানিৰ ক্ষেত্ৰতে তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন সাধন হৈ ২০৩০ চনৰ ভিতৰত কৃষিজাত ৰপ্তানিৰ পৰিমাণ ১০ হাজাৰ কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য পূৰ্ণ হোৱাত সহায় হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।