নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে ৬টা সোণ, ১০টা ৰূপ আৰু ৬টা ব্ৰঞ্জসহ মুঠ ২২টা পদকেৰে নিজৰ অভিযান সামৰে। জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত কালি ভাৰতৰ ৭ গৰাকী খেলুৱৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। ২০০ মিটাৰ টি-টুৱেলভত সীমৰণ শৰ্মাই ৰূপৰ পদক আৰু ১০০ মিটাৰ টি-থার্টি ফাইভত প্রীতি পলে ৰূপৰ পদক জয় কৰে। পেৰালিম্পিকৰ চেম্পিয়ন নৱদীপে জেভলিন থ্র’ত ৰূপৰ পদক কৰাৰ বিপৰীতে ২০০ মিটাৰ টি-ফৰটি ফৰত সন্দীপে ব্ৰঞ্জৰ পদক লাভ কৰে।
Site Admin | October 6, 2025 1:49 PM | including 6 gold | India ends World Para Athletics Championships with 22 medals
বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ ৬টা সোণসহ ২২টা পদক লাভ