কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে ভাৰত আৰু চাৰিখন উইৰোপীয় দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি অহা এক অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ভাৰতীয় সংলগ্ন বাণিজ্য সংঘ আৰু উদ্যোগ সহযোগত আয়োজিত অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা বছৰৰ ১০ মাৰ্চত দুয়ো পক্ষই বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছিল। উল্লেখযোগ্য যে ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাই ১০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে, য’ত চুক্তি কাৰ্যকৰী হোৱাৰ ১০ বছৰৰ ভিতৰত পাঁচ হাজাৰ কোটি টকা আৰু পৰৱৰ্তী পাঁচ বছৰত পাঁচ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে কয়, যে কোনো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিয়ে ভাৰতৰ স্বাৰ্থ পূৰণ কৰিলেহে সেই চুক্তিত স্বাক্ষৰ কৰা হ’ব। ভাৰতে সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। শ্ৰী গোৱেলে অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ মানসিকতা পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উমৈহতীয়া বৃদ্ধি আৰু ক্ষুদ্ৰ তথা গুৰু উদ্যোগৰ মাজত পাৰস্পৰিক সহায়-সহযোগিতাৰ বাবে আহ্বান জনায়।
Site Admin | July 19, 2025 10:05 PM | India-EFTA Free Trade Pact to Take Effect from October 1 Piyush Goyal
ভাৰত আৰু চাৰিখন ইউৰোপীয় দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’বঃ পীয়ুষ গোৱেল