কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি ভাৰতে পাকিস্তানক ৮৮ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ৩৩ অভাৰতে আটাইকেইটা হেৰুৱাই কেৱল ১৫৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ হৰলীন দেউলে সৰ্বাধিক ৪৬ আৰু ৰিছা ঘোষে ৩৫ ৰান কৰে। পাকিস্তানৰ ডায়েনা বেগে ৪টা উইকেট দখল কৰে। ইপিনে পাকিস্তানৰ ছিদ্ৰা আমিনে ৮১ আৰু নাটালিয়া পাৰভেজে ৩৩ ৰানৰ বৰঙণি আগবঢ়াই যদিও দলটোৰ আন আন খেলুৱৈসকল উন্নত প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ ক্ৰান্তি গৌৰ আৰু দিপ্তী শৰ্মাই ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰাণাই দুটা উইকেট লাভ কৰে। ভাৰত অহা বৃহস্পতিবাৰে বিশাখাপট্টনমত হ’বলগীয়া আন এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | October 6, 2025 1:00 PM | India defeat Pakistan by 88 runs in Women’s ODI World Cup clash in Colombo
মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত পাকিস্তানক ৮৮ ৰানত পৰাস্ত ভাৰতৰ