তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ ভিছা বাতিল ভাৰতৰ

জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰণৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ বাবে প্ৰদান কৰা ভিছা বাতিল কৰিছে। চলিত মাহৰ ২৭ তাৰিখৰ পৰা পাকিস্তানী নাগৰিকৰ বাবে ভাৰতে ইতিপূৰ্বে প্ৰদান কৰা ভিছাসমূহৰ বৈধতা নাথাকিব। চিকিৎ‍সাজনিত কাৰণত চুবুৰীয়া দেশখনৰ নাগৰিকৰ প্ৰতি ভাৰতে আগবঢ়োৱা ভিছাৰ ম্যাদ এই মাহৰ ২৯ তাৰিখলৈ বৈধ বুলি বিবেচিত হ’ব। ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে ভিছাৰ ম্যাদ উকলি যোৱাৰ আগতে দেশ এৰিব লাগিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে প্ৰকাশ কৰিছে। বিবৃতিটোত ভাৰতীয় নাগৰিকসকলকো পাকিস্তান ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে যিসকল ভাৰতীয় বৰ্তমান পাকিস্তানত আছে তেওঁলোককো শীঘ্ৰেই দেশলৈ উভতি আহিবলৈ আহ্বান জনাইছে। অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে পাছত স্পষ্ট কৰি দিয়ে যে, পাকিস্তানী হিন্দু নাগৰিকক প্ৰদান কৰা দীৰ্ঘম্যাদী ভিছাৰ ক্ষেত্ৰত এই নিৰ্দেশ প্রযোজ্য নহ’ব। ইপিনে চৰকাৰে সিন্ধু জলচুক্তি বাতিৰ কৰাৰ ক্ষেত্ৰত অধিসূচনা জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।