নতুন দিল্লীত আজি ভাৰত-কলম্বিয়াৰ মাজত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ’ব

ভাৰত আৰু কলম্বিয়াৰ মাজত আজি নতুন দিল্লীত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ’ব। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড° এল মুৰুগানে ভাৰতৰ প্ৰতিনিধি হিচাপে আৰু কলম্বিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উপ-মন্ত্ৰী জৰ্জ এন্দ্ৰিকক ৰোজাছ ৰড্রিগেজে দেশখনৰ প্ৰতিনিধি হিচাপে এই চুক্তিত স্বাক্ষৰ কৰিব। এই চুক্তিয়ে উভয় দেশৰ প্ৰযোজকসকলক সহ-প্ৰযোজনাৰ বাবে তেওঁলোকৰ সৃষ্টিশীল, কলাত্মক, কাৰিকৰী, আৰ্থিক আৰু বিপণন উৎসসমূহ বিনিময় কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। এই চুক্তিৰ জৰিয়তে ভাৰত আৰু কলম্বিয়াৰ মাজত কলা আৰু সংস্কৃতিৰো বিনিময় কৰা হ’ব। এই চুক্তিয়ে উভয় দেশৰ জনসাধাৰণৰ মাজত সদিচ্ছা বৃদ্ধি কৰিব আৰু পাৰস্পৰিক বুজাবুজি ত্বৰান্বিত কৰিব। ইয়াৰ ফলত দেশ দুখনৰ মাজৰ সাংস্কৃতিক বান্ধোন অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ভাৰতৰ সৈতে সম্প্ৰতি ১৬ খন দেশৰ সহ-প্রযোজনা চুক্তি আছে। ইয়াৰ ফলত শেহতীয়া ৫টা বছৰত ২৯টা প্ৰকল্প মুকলি কৰা হৈছে। কলম্বিয়া হ’ল ভাৰতে সহ-প্রযোজনা চুক্তি স্বাক্ষৰ কৰা ১৭ সংখ্যক দেশ।