দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত আজি অন্তিম দিনা ব্যক্তিগত কম্পাউণ্ড শাখাত ভাৰতে দুটা সোণৰ পদক অৰ্জনেৰে প্ৰতিযোগিতাত মুঠ সাতটা পদক লাভ কৰিছে। ব্যক্তিগত কম্পাউণ্ড শাখাত দুয়োখন হাত নথকা ভাৰতৰ ১৮ বছৰীয়া সীতল দেৱীয়ে সোণৰ পদক অর্জনেৰে ইতিহাস ৰছে। তেওঁ তুৰস্কৰ বিশ্বৰ এক নম্বৰ আৰ্চাৰগৰাকীক প্ৰতিযোগিতাৰ ফাইনেলত ১৪৬-১৪৩ ব্যৱধানত পৰাস্ত কৰে। পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শাখাত ভাৰতৰ টোমান কুমাৰে সোণৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত ভাৰতে তিনিটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰে।
Site Admin | September 27, 2025 8:19 PM | Historic Individual Golds for Sheetal Devi and Toman Kumar | India Clinches 7 Medals
দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত দুটা সোণসহ ভাৰতৰ সাতটা পদক অৰ্জন