শ্ৰীলংকাৰ পাল্লেকলেত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শ্রীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণই ২৬ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণৰ বাবে ভাৰতৰ লক্ষ্য ৮ অভাৰত ৭৮ ৰানলৈ হ্ৰাস কৰা হয়। ভাৰতে যশশ্রী জয়ছোৱাল, সূর্য কুমাৰ যাদৱ আৰু হার্দিক পাণ্ডিয়াৰ সুন্দৰ বেটিঙেৰে ৯টা বল বাকী থকা অৱস্থাতে ৮১ ৰান কৰিবলৈ সমৰ্থ হয়। ৰবি বিষ্ণইক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। দুয়োটা দলে কাইলৈ একেটা স্থানতে শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ’ব। ইয়াৰ পাছতেই দুয়োটা দলেই কলম্বোত তিনিখন এদিনীয়া ক্রিকেটতো মুখামুখি হ’ব। ইপিনে, ডাম্বুলাত অনুষ্ঠিত মহিলা এছিয়া কাপ ট্ৰফী ক্ৰিকেটত ছামাৰী আটাপট্টুৰ নেতৃত্বাধীন শ্রীলংকাৰ দলটো সাতবাৰৰ বিজয়ী ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এছিয়া কাপ জয় কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।