ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 6, 2025 8:23 PM | India bangladesh

printer

কলকাতাত আজি ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আৰম্ভ

ভাৰত-বাংলাদেশ যুটীয়া নদী পৰিষদৰ ৮৬ সংখ্যক বৈঠক আজি কলকাতাত আৰম্ভ হয়। বাংলাদেশৰ ১১ জনীয়া এটা প্রতিনিধি দলে এই বৈঠকত অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে, দুয়োখন দেশৰ মাজেৰে বৈ যোৱা নদীসমূহক কেন্দ্ৰ কৰি অব্যাহত থকা কেইবাটাও সমস্যাই এই বৈঠকত প্রাধান্য পাব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰত-বাংলাদেশৰ মাজত সচিব পৰ্যায়ৰ এই বৈঠকৰ পাছতে এখন ছজনীয়া কাৰিকৰী সমিতি গঠন হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ১৯৯৬ চনতে ভাৰত আৰু বাংলাদেশৰ মাজত গংগা জল চুক্তি স্বাক্ষৰিত হৈছিল আৰু অহা বছৰ এই ৩০ বছৰীয়া চুক্তিখনৰ ম্যাদ উকলিব। সম্ভাব্য কাৰিকৰী সমিতিখনে পৰৱৰ্তী ৩ মাহৰ ভিতৰত এই চুক্তিৰ ভৱিষ্যৎ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।