ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 15, 2024 6:16 PM | India-Australia

printer

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থ টু প্লাছ টু অৰ্থাৎ‍ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিদেশ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে আৰু বিদেশ সচিব বিক্ৰম মিশ্রি বৈঠকত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া পক্ষৰ নেতৃত্ব প্ৰতিৰক্ষা বিভাগৰ সচিব গ্ৰেক মোৰিয়াৰ্টি আৰু বিদেশ পৰিক্ৰমা তথা বাণিজ্য বিভাগৰ সচিব জন এডমছে বহন কৰে। মন্ত্ৰালয়ে কৈছে যে বৈঠকত ৰাজনৈতিক, কৌশলগত, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ লগতে পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰা হয়। আলোচনা কালত দুয়ো পক্ষ্যই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, সুস্থিৰতা আৰু প্ৰগতিৰ উমৈহতীয়া লক্ষ্য দৃশ্য পূৰণৰ আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ব্যাপক কৌশলগত সম্পর্কক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।