ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 13, 2025 12:45 PM | India-Australia

printer

সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্টাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে, যে ২৬ অক্টোবৰত সামৰণি পৰিবলগীয়া এই বার্ষিক অনুশীলনত ভাৰতীয় সেনা বাহিনীৰ এটা ১২৫ জনীয়া দলে অংশগ্রহণ কৰিব। গোর্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনাবাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। সামৰিক সহযোগিতাৰ লগতে আন্তঃসঞ্চালন সামর্থ বৃদ্ধিয়েই এই অনুশীলনৰ মূল উদ্দেশ্য বুলি মগ্ন্যালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি এই অনুশীলনে অংশগ্রহণ কৰা সৈনিকসকলক নগৰীয় বা উপ নগৰীয় এলেকাত যুদ্ধৰ ৰণ নীতি, প্রযুক্তি আৰু কৌশলৰ আদান প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।