২০২৬ বৰ্ষক আছিয়ান ভাৰত সামুদ্রিক সহযোগিতা বর্ষ হিচাপে ঘোষণা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আছিয়ানৰ শতিকা বুলি অভিহিত কৰিছে। মালয়েছিয়াত অনুষ্ঠিত আছিয়ান ভাৰত শীৰ্ষ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে কালি কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰীগোষ্ঠীয়ে বিশ্বৰ প্ৰায় এক চতুর্থাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। তেওঁ কয়, যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহ অকল ভৌগলিকভাৱেহে সংযুক্ত নহয় বৰং ঐতিহাসিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰমূল্যৰ ডোলেৰে বান্ধ খাই আছে। শ্রীমোদীয়ে কয় যে বৰ্তমানৰ অনিশ্চয়তাৰে ভৰা এই সময়তো ভাৰত আছিয়ান সর্বাত্মক কৌশলগত সহযোগিতা ক্ৰমাৎ শক্তিশালী হৈ উঠিছে। তেওঁ কয় যে এই শক্তিশালী সম্পর্ক গোলকীয় সুস্থিৰতা আৰু বিকাশৰ বাবে শক্তিশালী ভেটিৰূপে পৰিগণিত হৈছে। ভাৰতে প্ৰতিটো বিপর্যয়ৰ সময়ত আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে দৃঢ়তাৰে থিয় দি আহিছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয় যে সামুদ্রিক বিপর্যয় ব্যৱস্থাপনা, সুৰক্ষা আৰু সামুদ্রিক অর্থব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা দ্রুতভাৱে বৃদ্ধি পাইছে। তেওঁ লগতে ২০২৬ বৰ্ষক আছিয়ান ভাৰত সামুদ্রিক সহযোগিতা বর্ষ হিচাপে ঘোষণা কৰে।