ভাৰত আৰু ফিজিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা দোহাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি ৰাবুকাৰ মাজত নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা শক্তিশালী কৰাৰ লগতে যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ তীব্ৰ গৰিহণা দিয়ে। ২৬ গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুওৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমনৰ ঘটনাক দুয়োগৰাকী নেতাই নিন্দা কৰে। উভয় পক্ষই সন্ত্ৰাসবাদী সংগঠনক ধনৰ যোগান ধৰা, সন্ত্ৰাসবাদী কার্যকলাপত ন-ন প্ৰযুক্তিৰ ব্যৱহাৰ ৰোধ কৰাৰ লগতে উগ্ৰবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব নীনা মালহোত্রাই কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি ৰাবুকাই দেশ দুখনৰ মাজত ৯ খন বুজাবুজিৰ চুক্তি আদান প্রদান কৰে। তেওঁ কয়, যে আজিৰ এই বৈঠকত দুযোগৰাকী নেতাই ৰাজনৈতিক সহযোগিতা, উচ্চ পৰ্যায়ৰ বুজাবুজি, বাণিজ্য, কৃষি শিক্ষা, স্বাস্থ্য যতন, প্ৰতিৰক্ষা, দক্ষতা বিকাশ আদিকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ল’বলগীয়া ব্যৱস্থাৱলী আৰু স্থায়ী বিকাশ সন্দৰ্ভতো মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী দুগৰাকীয়ে দেশ দুখনৰ মাজত অব্যাহত থকা প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই সম্পর্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোঁহাৰি প্ৰতিৰক্ষা আৰু সামুদ্রিক সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ।
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি ৰাবুকাৰ বৈঠক
