ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত-নিউজিলেণ্ডৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ৪৬২ ৰানত দ্বিতীয় ইনিংছৰ সামৰণি

ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰুত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি চতুর্থ দিনা ৪৬২ ৰানত দ্বিতীয় ইনিংছ সামৰে। ভাৰত সম্প্ৰতি নিউজিলেণ্ডৰ প্ৰথম ইনিংছতকৈ ১০৬ ৰানত আগবাঢ়ি আছে। ভাৰতৰ হৈ ছৰফৰাজ খানে ১৫০ ৰান কৰাৰ বিপৰীতে ঋষভ পণ্টে ৯৯ ৰানৰ বৰঙণি আগবঢ়ায়। খেলৰ তৃতীয় দিনা কালি নিউজিলেণ্ডে প্রথম ইংনিছত ৪০২ ৰান সংগ্ৰহ কৰিছিল। ভাৰতে বর্ষাবিঘ্নিত খেলখনৰ দ্বিতীয় দিনা প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৪৬ ৰানহে কৰিবলৈ সমৰ্থ হৈছিল।