আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰিষদীয় বৈঠকত ভোটদানৰ পৰা বিৰত ভাৰত

ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (আই এম এফ)ৰ পৰিষদীয় বৈঠকত ভোটদান কৰাৰ পৰা বিৰত থাকে। বৈঠকত পাকিস্তানৰ বাবে নতুন বিত্তীয় পেকেজ মুকলি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল। ভাৰতে পাকিস্তানৰ পূৰ্বৰ দুৰ্বল কাৰ্যকলাপৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত আই এম এফৰ কাৰ্যসূচীৰ কার্যকাৰিতাক লৈ উদ্বেগ প্রকাশ কৰে। ভাৰতে লগতে পাকিস্তানে এই পুঁজিৰ অপব্যৱহাৰ কৰি সীমান্তৰ ইপাৰে সন্ত্ৰাসবাদী কাৰ্যত ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনাক লৈও চিন্তা ব্যক্ত কৰে। আই এম এফে কালি পাকিস্তানৰ বাবে ১০০ কোটি ডলাৰৰ বিস্তাৰিত পুঁজি কাৰ্যসূচীৰ পৰ্যালোচনা কৰে আৰু দেশখনক নতুনকৈ ১৩০ কোটি ডলাৰ ঋণ প্রদানৰ বিষয়তো বিবেচনা কৰে। বৈঠকত ভাৰতে নিজৰ বিবৃতিত কয়, যে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদী কার্যকলাপক নিৰন্তৰ উৎসাহিত কৰি অহাটোৱে বিশ্ব সম্প্রদায়লৈ ভয়ানক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে পুঁজি যোগান ধৰা সংস্থাসমূহকো উদঙাই দিয়ে। পাকিস্তানে দীৰ্ঘ সময় ধৰি আই এম এফৰ পৰা ঋণ লৈ আহিছে আৰু কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত এই পুঁজিৰ ব্যৱহাৰ কৰা হোৱা নাই। ২০১৯ চনৰ পৰা বিগত ৫ বছৰত দেশখনে ৪ বাৰকৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ পৰা ঋণ লৈছে বুলিও ভাৰতে বিবৃতিটোত প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিয়ে ভাৰতৰ এই বিবৃতি আৰু ভোটদানৰ পৰা ভাৰত বিৰত থকাৰ বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰে৷