চাইপ্ৰাছৰ পৰা অহা এটা উচ্চ পর্যায়ৰ চৰকাৰী আৰু ব্যৱসায়িক প্ৰতিনিধি দলে শেহতীয়াকৈ মুম্বাই ভ্ৰমণ কৰি ভাৰতৰ সৈতে দেশখনৰ দ্বিপাক্ষিক অর্থনৈতিক, বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে। এই ভ্ৰমণৰ সময়ত মুম্বাইৰ বিশ্ব বাণিজ্য কেন্দ্রই ইনভেষ্ট চাইপ্ৰাছ সংস্থা আৰু চাইপ্ৰাছৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ সৈতে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগক লাভান্বিত কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । এই চুক্তিয়ে ইউৰোপীয় বজাৰত প্ৰৱেশৰ বাবে চাইপ্ৰাছক কৌশলগত দুৱাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ভাৰতীয় ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অধিক সুযোগৰ সৃষ্টি কৰিব। এই চুক্তিয়ে উভয় দেশৰ মাজত প্ৰযুক্তি, গৱেষণা, জাহাজ চলোৱা, উদ্ভাৱন আদি ক্ষেত্ৰত থকা সম্পৰ্ক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। ভাৰতত থকা চাইপ্ৰাছৰ উচ্চায়ুক্ত ইভাগোৰাছ ভয়নাইডছ ডাঙৰীয়াৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰ হোৱাৰ সময়ত ইনভেষ্ট চাইপ্ৰাছৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰিঅ‘ছ টানৌছিছ আৰু মুম্বাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰৰ অধ্যক্ষ ড০ বিজয় কলন্ত্রিও উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত শ্রীভ্রায়নাইডছে কয় যে ২০২৫ চনৰ অক্টোবৰত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পর্কে হ‘বলগীয়া চতুর্দশলানি আলোচনাই ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বান্ধোন অধিক শক্তিশালী কৰাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে চাইপ্ৰাছৰ গৱেষণা বিশেষজ্ঞ আৰু পেছাদাৰী সেৱাৰ সৈতে ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত থকা ভাৰতৰ গোলকীয় নেতৃত্বই শক্তিশালী সহযোগিতা গঢ়ি তুলিব পাৰে আৰু এই সহযোগিতাই উভয় দেশক সন্মিলিতৰূপত উদ্ভাৱন আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ দিশত আগুৱাই নিব। ইপিনে, ড০ কলন্ত্রিয়ে কয় যে অন্যান্য ইউৰোপীয় ৰাষ্ট্ৰত প্ৰৱেশৰ বাবে চাইপ্ৰাছ হৈছে ভাৰতৰ দুৱাৰ। বিত্তীয় প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বৰ্ধিত সহযোগিতাই দুয়োখন দেশকে উপকৃত কৰিব বুলি তেওঁ মন্তব্য কৰে। উভয় দেশৰ মাজৰ বাণিজ্যই ভৱিষ্যতে এশ কোটি মার্কিন ডলাৰৰ সীমা অতিক্ৰম কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
Site Admin | September 19, 2025 12:28 PM
ভাৰত আৰু চাইপ্ৰাছৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ