ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 16, 2025 1:27 PM | India

printer

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পিছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীর্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত কালি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে এইদৰে কয়। সেউজ গতিশীলতা আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা আছে। ভাৰতে আইচ’ বিউটানল আৰু বায়’ বিটুমেনৰ দৰে নতুন ইন্ধনৰ ক্ষেত্ৰতো অগ্রগতি লাভ কৰিছে। এই সন্মিলনত বিশেষজ্ঞসকলক একত্ৰিত কৰি দক্ষতা, বহনক্ষমতা আৰু অৰ্থনৈতিক দিশসমূহ উন্নত কৰাৰ বাবে আলোচনা কৰা হ’ব।