ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 6, 2025 8:21 PM | India

printer

২০২৫ চনত ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ

ভাৰতে ২০২৫ চনত ৪ লাখ ১৮ হাজাৰ ৭০০ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ সৈতে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। দেশে ২০২৫ চনৰ ভিতৰত জাপানৰ ৪ লাখ ১৮ হাজাৰ ৬০০ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদন চেৰ পেলোৱাৰ সম্ভাৱনা আছে।

আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ বিশ্ব আর্থিক দৃষ্টিভংগী সম্পৰ্কীয় শেহতীয়া প্রতিবেদন অনুসৰি ভাৰতৰ বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা মৰ্যাদা অক্ষুন্ন আছে আৰু দেশখন পৰৱৰ্তী দুটা বছৰত ৬ শতাংশৰো অধিক বিকাশ লাভ কৰাৰ সম্ভাৱনা থকা একমাত্ৰ দেশ। ইয়াৰ বিপৰীতে ব্যৱসায় যোদ্ধাৰ বাবে জাপান বেয়াকৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। ২০২৫-২০২৬ বৰ্ষৰ দেশখনৰ বিকাশ হাৰ ০ দশমিক ৬ শতাংশ হব বুলি কোৱা হৈছে।