ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2025 7:19 PM | Independence Day

printer

বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশ লব। পুৱা ৯ বজাত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্রহণ কৰিব। এই অনুষ্ঠানত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰিব। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত পুৱা ১০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী, ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট চিকিৎসালয় আৰু যক্ষ্মা চিকিৎ‍সালয়ৰ ৰোগীসকলৰ লগতে বিভিন্ন অনাথ আশ্রম, মুক-বধিৰ বিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু আন ভিন ভিন অনুষ্ঠান-প্ৰতিষ্ঠানত ফলমূল আদি বিতৰণ কৰা হব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো কাইলৈ স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কার্যসূচী অনুষ্ঠিত হব।

ৰাজ্যৰ অন্যান্য জিলাসমূহত কেইবাগৰাকী মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দক্ষিণ শালমাৰা মানকাচৰ, অতুল বৰাই যোৰহাট, কেশৱ মহন্তই নগাঁও, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ, যোগেন মহনে চৰাইদেউ, অজন্তা নেওগে শিৱসাগৰ, জয়ন্ত মল্লবৰুৱাই নলবাৰী আৰু কৌশিক ৰায়ে শিলচৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰিব।
ইপিনে প্ৰতিকূল বতৰৰ মাজতো স্বাধীনতা দিৱস উদযাপনৰ বাবে আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী, গৃহৰক্ষী বাহিনীৰ উপৰি স্কাউট গাইডৰ দলে আজি পেৰেডৰ অনুশীলন চলায়। দিৱসৰ সৈতে সংগতি ৰাখি বৰপেটা জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ত আজি স্বচ্ছতা অভিযান কার্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনত শান্তিপূর্ণভাৱে স্বাধীনতা দিৱস উদযাপনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলা আৰক্ষীয়ে বিগত কেইবাদিন ধৰি জিলাখনৰ ৰাষ্ট্ৰীয় পথ, ৰেলপথকে ধৰি স্পৰ্শকাতৰ এলেকাসমূহত নিয়মীয়া তহল আৰু তালাচী অব্যাহত ৰাখিছে।

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনেও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। জিলাখনৰ অসম-মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ এলেকাসমূহতো আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। জে টি এছ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ বাবে জিলা প্রশাসনে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰিছে।

ধুবুৰী জিলা প্ৰশাসনেও এই দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ লগতে স্কাউট গাইডৰ দলে আজি অন্তিমবাৰৰ পেৰেডৰ অনুশীলন চলায়।

স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দৰং জিলাৰ মঙলদৈত এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎ‍সালয়ৰ ৰক্ত কোষৰ সহযোগত স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰক্ত কোষ কেন্দ্ৰৰ বিশেষ বাহনৰ জৰিয়তে মঙলদৈ আৰু ৰামহৰিত এই শিবিৰৰ আয়োজন কৰা হয়। মঙলদৈ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ ৰমেশ চন্দ্ৰ গোস্বামীয়ে এই শিবিৰটো মুকলি কৰে।