স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্ৰতিকূল বতৰৰ মাজতো স্বাধীনতা দিৱস উদযাপনৰ বাবে আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী, গৃহৰক্ষী বাহিনীকে ধৰি স্কাউট গাইডৰ দলে প্রতিদিনে পেৰেডৰ অনুশীলন চলাই আছে।
আনহাতে যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন জিলাত প্রশাসনে সমদল আদিৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগ সমলয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এই উপলক্ষে আজি বিয়লি আয়োজন কৰা কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
Site Admin | August 13, 2025 12:52 PM | Independence Day
ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ প্রস্তুতি প্রায় সম্পূৰ্ণ
