ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ স্বাধীনতা দিৱসৰ প্রস্তুতি প্রায় সম্পূৰ্ণ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

স্বাধীনতা দিৱসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী সংগঠনসমূহে কোনো ধৰণৰ কুটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।  

আনহাতে, যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰশাসনে সমদল আদিৰ আয়োজন কৰিছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৫ হাজাৰ জাতীয় পতাকা প্ৰস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ব’ৰ্ডে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ২৫টাকৈ খাদী ভাণ্ডাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পতাকা প্ৰেৰণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা অভিযানৰ সময়ছোৱাত সকলোকে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি নৱপ্ৰজন্মই যথেষ্ট সঁহাৰি জনোৱা বুলি কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে কালি এখন সংবাদমেল যোগে প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে হৰ ঘৰ তিৰংগা অভিযানৰ চতুৰ্থ সংস্কৰণত এইবাৰ দেশৰ ৫ লাখতকৈ অধিক যুৱক-যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে। দেশাত্মবোধৰ চেতনা জগাই তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই অভিযানে সামূহিক ৰূপ লৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।