স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। প্রতিকূল বতৰৰ মাজতো স্বাধীনতা দিৱস উদযাপনৰ বাবে আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী, গৃহৰক্ষী বাহিনীৰ উপৰি স্কাউট গাইডৰ দলে প্রতিদিনে পেৰেডৰ অনুশীলন চলাই আছে।
স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে সীমান্ত সুৰক্ষা আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ ভাৰত-বাংলাদেশ সীমান্তত যাতায়াত আৰু কিছু পণ্যসামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত পথৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই অনুসৰি জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ ১ কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্য উদয়লৈকে কোনো লোকে আহ-যাহ কৰিব নোৱাৰিব। নিশাৰ ভাগত সুৰমা নদীত নাও চলাচলত বাধা আৰোপ কৰা হৈছে। মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী বৰাইৰ আলগাতো আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত নাৱেৰে সুৰক্ষা ব্যৱস্থাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ।
স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনেও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষীয়ে স্থলপথৰ লগতে জলপথত দিনে-নিশাই তালাচী চলাই আছে। প্ৰতিটো পথত চেকিং চলোৱাৰ লগতে জলপথত যন্ত্রচালিত নাও আৰু স্পীড ব’ৰ্টৰ সহায়ত পহৰা দিয়া পৰিলক্ষিত হৈছে। একেদৰে জিলাখনৰ অসম-মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ এলেকাসমূহতো আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে।