কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোকৰাঝাৰ জিলাৰ আদাবাৰীৰ বড়োলেণ্ড ৰেচম উদ্যানত এটা এড়ী সূতা কটা কল উদ্বোধন কৰে। উত্তৰ পূৰ্বাঞ্চল বস্ত্ৰ শিল্প বিকাশ আঁচনিৰ অধীনত এই কলটো স্থাপন কৰা হৈছে। ১৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা প্ৰকল্পটোৰ আজিৰ উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, কার্যবাহী সদস্য দাওবৈচা বড়োৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বড়োলেণ্ড এলেকাৰ পৰম্পৰাগত হস্তশিল্পৰ সাংস্কৃতিক গুৰুত্ব সম্পৰ্কত ব্যাখ্যা কৰে। তেওঁ কয় যে অসমৰ সাংস্কৃতিক গৌৰৱ আৰু ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হিচাপে বড়ো জনগোষ্ঠীৰ আৰনাই তেওঁ কেইবাগৰাকীও বিদেশী প্রতিনিধিক উপহাৰ হিচাপে আগবঢ়াইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত এড়ী পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এড়ী আৰু মুগাৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। আজি উদ্বোধন কৰা এড়ী উৎপাদন কলে অঞ্চলটোৰ হস্ততাঁত আৰু বস্ত্ৰ খণ্ডলৈ বিশেষ অৰিহণা আগবঢ়াব বুলি তেওঁ আশা প্রকাশ কৰে।
কোকৰাঝাৰৰ আদাবাৰীৰ বড়োলেণ্ড ৰেচম উদ্যানত এড়ী সূতা কটা কল উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ