শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গুৱাহাটী মহানগৰৰ সাতগাঁও হাইস্কুলত আজি অত্যাধুনিক ছাত্রী প্ৰসাধন আৰু অনাময় গৃহ মুকলি কৰে। এই হাইস্কুলৰ পৰাই শিক্ষামন্ত্ৰী ডাঃ পেগুৱে অনলাইনৰ জৰিয়তে ১৮ খন শিক্ষানুষ্ঠানত নিৰ্মাণ কৰা অত্যাধুনিক প্রসাধন আৰু অনাময় গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়, যে মোবাইল টাৱাৰ সংযোগ কৰা এটা প্ৰতিষ্ঠানৰ সামাজিক দায়বদ্ধতা আঁচনিৰ ধনেৰে এই গৃহ নিৰ্মাণ কৰা হৈছে।
গুৱাহাটীৰ সাতগাঁও হাইস্কুলত অত্যাধুনিক ছাত্রী প্ৰসাধন আৰু অনাময় গৃহ মুকলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ