নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত জিলাখনৰ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণত অসম গ্ৰন্থমেলা

নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত জিলাখনৰ শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণত কালিৰে পৰা অসম গ্ৰন্থ মেলা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই গ্রন্থমেলা উদ্বোধন কৰে। ডাঃ পেগুৱে ৰাস মহোৎসৱত কৃষ্ণ লীলাৰ লগতে প্ৰজ্ঞাৰ চৰ্চা হোৱাতো এটা ইতিবাচক দিশ বুলি উল্লেখ কৰি সকলো লোককে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক অপূর্ব কুমাৰ শ‍ইকীয়াই কয়, যে বৰ্তমান সময়ত ইণ্টাৰনেট আৰু ই-বুকে গ্ৰন্থৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কিতাপৰ জয়যাত্রা অব্যাহত ৰখাৰ দিশত লেখকৰ দায়িত্ব অপৰিসীম বুলি সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে। নলবাৰীৰ গৰ্ডন খেলপথাৰত ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি কালি ১০ হাজাৰৰো অধিক লোকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই শিল্পীগৰাকীৰ বহুকেইটা গীতৰ অংশ পৰিৱেশন কৰে ।