দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। অসমত নেৰা-নেপেৰাকৈ হোৱা ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। গুৱাহাটীত কালি ভালেমান অংশ জলমগ্ন হৈ পৰে আৰু জনসাধাৰণৰ দৈনন্দিন জীৱন স্তব্ধ হৈ পৰে। ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ৰাজ্যৰ বিভিন্ন স্থানত নৈসমূহৰ জলস্তৰ বিপদ সীমাৰ ওপৰেদি বৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে গুৱাহাটীত দ’ অঞ্চলসমূহত বাস কৰা জনসাধাৰণৰ সহায়ৰ বাবে ৰবৰৰ নাও নিয়োজিত কৰিছে। ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা আৰু ডিমা হাচাওৰ দৰে জিলাসমূহত আকষ্মিক বান আৰু ভূমিস্খলনৰ আশংকাত দেখা দিছে। ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰীসেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰি অসমৰ বিভিন্ন জিলাৰ বাবে আজি পৰ্যন্ত ৰেড এলাৰ্ট জাৰি কৰিছে। অৰুণাচল প্ৰদেশত কেতবোৰ অঞ্চলত ধাৰাষাৰ বৰষুণৰ বাবে আকষ্মিক বান হোৱা পৰিলক্ষিত হৈছে। উজনি সোৱণশিৰি জিলাত চিগিন নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেদি বৈ আছে আৰু নৈখনৰ বাঢ়নী পানীয়ে ভালেমান এলেকা বুৰাই পেলাইছে। জিলাখনত বানৰ ফলত ১০০ ৰো অধিক বাসগৃহ আৰু অন্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। মেঘালয়তো দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ধাৰাষাৰ বৰষুণ হৈছে। ৰাজ্যখনত ২৮ মে পর্যন্ত গড়ে ৭৩৯ দশমিক ১ মিলিমিটাৰ বৰষুণ দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনলৈ ৰাজ্যখনত বৰষুণ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। মিজোৰামৰ ৰাজধানী আইজলৰ উত্তৰ-পশ্চিম অংশৰ থুৱামপুই এলেকাত বৰষুণৰ বাবে এখন দেৱাল খহি পৰাৰ ফলত এগৰাকী ৩৭ বছৰীয়া লোকৰ মৃত্যু হয় আৰু অন্য এজন আহত হয়।
দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত
