ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 1, 2024 12:42 PM | IMD Alert

printer

উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব, উত্তৰ পশ্চিম আৰু পূবত অহা তিনি-চাৰিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে এই খণ্ড কেইটাত অৰেঞ্জ আৰু ৰেড এলাৰ্ট জাৰি কৰিছে। বিভাগে হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডিগড়, পূব ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ বেছি ভাগ অঞ্চলতে অহা তিনিদিনলৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা প্রকাশ কৰিছে। ইপিনে, পূব আৰু উত্তৰ পূব ভাৰতৰ বিহাৰ, পশ্চিমবংগ, চিকিম, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুইৰ পৰা তিনিদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।