ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে কৰ্ণাটকৰ উপকূলীয় তথা অভ্যন্তৰীণ অংশ, কেৰালা, মাহে, ওড়িশা, ৰায়ালাছিমা, তামিলনাড়ু, পুডুচেৰী আৰু কৰাইকালৰ অঞ্চলবিশেষে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতর্কবাণী জাৰি কৰিছে। পৰৱৰ্তী দুটা দিনত অন্ধ্ৰপ্ৰদেশৰ কিছু উপকূলীয় অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছট্টিশগড়, ঝাৰখণ্ড, মাৰাথৱাৰা, ৰায়ালাচিমা আৰু মধ্য মহাৰাষ্ট্ৰতো একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব পাৰে বুলি বিভাগে জানিবলৈ দিছে।
ইপিনে, অহা চাৰি-পাঁচদিনলৈ বিভাগটোৱে দেশৰ উত্তৰ পশ্চিম প্রান্তত গ্ৰীষ্ম প্ৰৱাহৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে লগতে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, নতুন দিল্লী, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ পূব অংশতো পৰৱৰ্তী দুটা দিনত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱ পৰিব পাৰে বুলি সতর্কবাণী দিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী দুইৰ পৰা তিনিদিনলৈ মধ্য আৰু পূব ভাৰতত সৰ্বোচ্চ তাপমাত্ৰাৰ বিশেষ পৰিৱৰ্তন দেখা নাযাব।