নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা IITF অনুষ্ঠিত হ‘ব। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্রী জিতিন প্রচণ্ডই এই বাণিজ্য মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ বিষয়বস্তু হৈছে- এক ভাৰত, শ্রেষ্ঠ ভাৰত। মেলাত উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু বিহাৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশীদাৰী ৰাজ্য হ‘ব আৰু ঝাৰখণ্ডৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ‘ব। ১৪ দিনীয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, চীন, ইৰান, দক্ষিণ কোৰিয়া আৰু ইজিপ্তে অংশগ্রহণ কৰিব। এই বাণিজ্য মেলা হৈছে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰসাৰৰ এখন উৎকৃষ্ট মঞ্চ। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ভাৰতীয় বাণিজ্য সংবর্ধন সংস্থা IITF ৰ কাৰ্যবাহী সঞ্চালক প্রেমজীত লালে প্রকাশ কৰা মতে, প্রায় ৩০ খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ লগতে ৬০টাৰো অধিক মন্ত্রালয়ে এই মেলাত ভাগ ল‘ব।
মেলা অনুষ্ঠিত হোৱাৰ সময়ত দর্শনার্থীৰ সুবধা হোৱাকৈ ব্যাপক নিৰাপত্তা ব্যবস্থা গ্রহণ কৰা হৈছে। মেলাৰ প্ৰথম ৫ দিন ব্যৱসায়িক শিতানৰ বাবে ৰখা হৈছে আৰু অহা ১৯ নৱেম্বৰৰ পৰা সাধাৰণ জনতাৰ বাবে মুকলি থাকিব।