আই আই টি গুৱাহাটীত আজি নিটি আয়োগৰ সহযোগত দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, চি এফ টি এৰ সঞ্চালক, বিহাৰ আৰু পশ্চিমবংগৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু চি এফ টি এৰ সঞ্চালকে অংশগ্ৰহণ কৰে। ৰাজ্যত বিজ্ঞানৰ দ্ৰুত প্ৰসাৰৰ বাবে গৱেষণা আৰু উন্নয়নৰ সূচলতা শীর্ষক বিষয়ত অনুষ্ঠিত এই কর্মশালা আই আই টি গুৱাহাটীৰ সঞ্চালক ড° দেবেন্দ্ৰ জালিহালে শুভাৰম্ভ কৰে। অনুষ্ঠানত নিটি আয়োগৰ জ্যেষ্ঠ পৰামৰ্শদাতা অধ্যাপক বিবেক কুমাৰ সিং, বৌদ্ধ গয়া আই আই এমৰ সঞ্চালক ড° বিনিতা সাহা আৰু ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ড° সংঘামিতা বংগোপাধ্যায় উপস্থিত থাকে।
Site Admin | October 15, 2025 8:58 PM | iit ghy
আই আই টি গুৱাহাটীত আজি নিটি আয়োগৰ সহযোগত দুদিনীয়া কৰ্মশালা