ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে ছ্যুড’ম’নাছ ফ্লু’ৰেচেন্স নামৰ নিৰাপদ আৰু কাৰ্যক্ষম বেক্টেৰীয়া ব্যৱস্থা ব্যৱহাৰ কৰি মানৱ ইনছুলিন উৎপাদনৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছে। অধ্যাপক তথা জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন মুৰববী ড০ বীৰাংকি ভেংকটা দাসুৰ নেতৃত্বত গঠিত এটা দলে এই পদ্ধতি উদ্ভাৱন কৰে। এই অগ্রগতিয়ে ইনছুলিনক অধিক সুলভ কৰি তোলাত উল্লেখযোগ্য ভূমিকা ল’ব বুলি ড০ দাসুৱে প্ৰকাশ কৰে। অধ্যাপক ড০ দাসুৱে কয়, যে ইনছুলিন নিৰ্মাণৰ বাবে এটা নতুন এক্সপ্ৰেচন চিষ্টেম সৃষ্টি কৰাটো ইয়াৰ অন্যতম সমাধান। প্ৰত্যাহ্বান অতিক্ৰম কৰি আই আই টি গুৱাহাটীৰ গৱেষক দলটোৱে দ্রৱনীয় ৰূপত প্ৰটিন উৎপাদনৰ বাবে জনাজাত চ্যুড’ম’নাছ ফ্লু’ৰেচেন্স নামৰ বেক্টেৰীয়াৰ ব্যৱহাৰৰ বিষয়ে অন্বেষণ কৰি উৎপাদন প্ৰক্ৰিয়াটো সহজ আৰু সুলভ কৰি তুলিছে।
Site Admin | September 12, 2025 8:18 PM | IIT Guwahati
ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলৰ মানৱ ইনছুলিন উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন
