আই আই টি গুৱাহাটীৰ কাইলৈ ২৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হ‘ব। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ দি হাউচাৰ বেংকছৰ অধ্যাপক ড° ৰাজেন্দ্ৰ সিং আৰু সন্মানীয় অতিথি হিচাপে ইণ্ডিয়ান নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিংছৰ অধ্যক্ষ জে দি পাটিল উপস্থিত থাকিব। আই আই টি গুৱাহাটীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ‘বলগীয়া সমাৱৰ্তনত এইবেলি মুঠ ২ হেজাৰ ৯৩ গৰাকীক ডিগ্রী প্রদান কৰা হ‘ব। শিক্ষা প্ৰতিষ্ঠানখনত ১৯৯৯ চনৰ সমাৱৰ্তন তথা ২৬ বছৰৰ পিছত ২৪ হাজাৰ ৭০০ ৰো অধিক শিক্ষার্থীক একেলগে ডিগ্ৰী প্ৰদান কৰা হ‘ব। কাইলৈৰ সমাৱৰ্তনত ১০৫ গৰাকীক স্নাতক, ৮১৮ গৰাকীক স্নাতকোত্তৰ আৰু ২৭০ গৰাকীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হ‘ব। স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা শাখাৰ বাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক, ড শংকৰ দয়াল শৰ্মা স্বৰ্ণ পদক আৰু অসমৰ ৰাজ্যপালৰ স্বৰ্ণ পদককে ধৰি ৪ টা স্বর্ণ পদক প্ৰদান কৰা হ‘ব।
Site Admin | July 12, 2025 8:38 PM | Guwahati | IIT
কাইলৈ আই আই টি গুৱাহাটীৰ ২৭ সংখ্যক সমাৱৰ্তন
