ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 3, 2025 12:23 PM | Guwahati | IIT

printer

স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত আই আই টি, গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটী আৰু কলকাতাৰ বসু প্ৰতিষ্ঠানৰ এটা গৱেষক দলে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত কৰি উলিয়াইছে। এই উদ্ভাৱনীমূলক হাইড্রজেল ভিত্তিক চিকিৎসাৰ সহায়ত টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিব পৰা যাব। ইয়াৰ ফলত কৰ্কট ৰোগৰ গতানুগতিক চিকিৎসাৰ সৈতে জড়িত পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে হ্ৰাস পাব। এই গৱেষণা তথ্যসমূহ ৰয়েল ছ’চাইটী অব কেমেষ্টিৰ গৱেষণা হৰাইজনত প্ৰকাশ পাইছে। গৱেষণাপত্ৰখনৰ সহ লেখক হৈছে দেৱপ্ৰতীম দাস, আই আই টি গুৱাহাটীৰ গৱেষক তনুশ্রী দাস, ঋত্বিকা কুশ্বাহা আৰু সহযোগী হিচাপে আছে কলকাতাৰ বসু প্ৰতিষ্ঠানৰ ডº কুলদ্বীপ জানা, সত্যজিৎ হালদাৰ আৰু অৰূপ কুমাৰ মিশ্র।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।