ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 11, 2024 8:10 PM | Guwahati | IIT

printer

আই আই টি গুৱাহাটীৰ চৌহদত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাক প্ৰতিষ্ঠানটোৱে দুর্ভাগ্যজনক আখ্যা দি ছাত্রসমাজৰ উদ্বেগৰ প্ৰতি সহমর্মিতা প্রকাশ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান চৌহদত এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাক প্ৰতিষ্ঠানটোৱে দুর্ভাগ্যজনক আখ্যা দি ছাত্রসমাজৰ উদ্বেগৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মংগল আৰু সকলোৰে বাবে নিৰাপদ পৰিৱেশ গঢ়ি তোলাটোৱেই অগ্ৰাধিকাৰৰ বিষয় বুলি প্রতিষ্ঠানখনে মত প্রকাশ কৰিছে। আই আই টি গুৱাহাটীয়ে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈছে বুলিও উল্লেখ কৰে। সঞ্চালকে কালি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ সৈতে কেইবাঘণ্টাও ধৰি তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। নতুন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ যথা শীঘ্ৰেই ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহ সমাধান কৰি চৌহদত শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ নিশ্চিতি দিয়ে। ঘটনা সন্দৰ্ভত প্রতিষ্ঠানখনৰ কৰ্তৃপক্ষলৈ ডীনে ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি সঞ্চালকগৰাকীয়ে কয় যে, এই সন্দৰ্ভত আলোচনা কৰি সোনকালে সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।