November 3, 2025 12:35 PM | Joyti aditya sindhiya

printer

আই আই টি গুৱাহাটীত জ্যোতিবাদিত্য সিন্ধিয়াৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্লাষ্টাৰ উদ্বোধন

নাৰ মন্ত্রী জ্যোতিবাদিত্য সিন্ধিয়াই কালি আই আই টি গুৱাহাটীত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্লাষ্টাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ লগতে ভার্চুৱেল ব্যৱস্থাৰে ৰাজ্যত ৬৫ খন নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। উত্তৰ-পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা ক্লাষ্টাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণা, উদ্ভাবন আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি শ্রীসিন্ধিয়াই তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ উত্তৰ-পূবত বিজ্ঞান মানসিকতা প্ৰসাৰৰ ক্ষেত্ৰতো এই কেন্দ্রই গুৰুত্বপূৰ্ণ পদক্ষেপ লব বুলি মত প্রকাশ কৰে।

শ্রী সিন্ধিয়াই এই অনুষ্ঠানতে আই আই টি গুৱাহাটীত প্রশিক্ষণ গ্রহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্রমাণপত্র প্রদান কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, যে উত্তৰ-পূৰ্বাঞ্চল বিজ্ঞান আৰু প্ৰযুক্তি ক্লাষ্টাৰৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্য অর্থনীতি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় হব। শ্রীসিন্ধিয়াই ইয়াৰ পাছত ড° ভূপেন হাজৰিকা প্রেক্ষাগৃহত আয়োজিত এখন সভাত অংশ লৈ ইয়াৰ পৰাই ভার্চুবেল ব্যৱস্থাৰে ৰাজ্যৰ দুখন ঔদ্যোগিক উদ্যান আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত আন চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে অসমৰ ৫৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰক ৪৬৫ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।