January 18, 2026 12:47 PM | IIT Guwahati

printer

IIT গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্রবাসী অসমীয়া সম্মিলনৰ সামৰণি

IIT গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্রবাসী অসমীয়া সম্মিলনৰ কালি সামৰণি পৰে। এই সন্মিলনত বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা শতাধিক প্রবাসী অসমীয়াই অংশ লয়। কালি সামৰণি উপলক্ষে কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। ‘উদ্যমশীলতা আৰু দৰ্শন’ বিষয়ত অনুষ্ঠিত এটা মনোজ্ঞ আলোচনাত ভোলানাথ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গকে ধৰি শিল্পীসকলৰ সৃষ্টি কর্ম আৰু সামাজিক দায়বদ্ধতা সম্পর্কে আলোচনা কৰা হয়। এই অনুষ্ঠানত IITৰ অধ্যাপক ড° প্ৰবোধ বৰা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মানবেন্দ্ৰ ভূঞাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।