ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 29, 2025 12:45 PM | Guwahati | IIT

printer

জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ অভিনৱ পদ্ধতি উদ্ভাৱন আই আই টি গুৱাহাটীৰ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকৰ এটা দলে জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ এটা অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে। পদার্থ বিজ্ঞানৰ গৱেষক-অধ্যাপক সৈকত ভৌমিকৰ নেতৃত্বত মানৱ কোষত থকা পাৰাৰ দৰে বিষাক্ত ধাতু চিনাক্তকৰণৰ লগতে জৈৱিক ব্যৱস্থাত ধাতুজনিত বিষক্রিয়া ধৰা পেলোৱা সন্দৰ্ভত গৱেষণা কৰা হয়। মানুহৰ চুলিতকৈ প্ৰায় ১ লাখ গুণ সৰু নেন’স্ফটিকৰ সৈতে ধাতুৰ বিক্ৰিয়াৰ বিষয়ে কৰা গৱেষণাত ধাতুসমূহে জীৱিত মানৱ কোষত দূষিত খাদ্য, পানী বা শ্বাস-প্ৰশ্বাসৰ জৰিয়তে ঘটিব পৰা সংস্পৰ্শৰ ফলত হব পৰা বিষক্ৰিয়াৰ সমাধান লাভ কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।