ইগা স্বিয়াটেকে আমান্দা অনিছিমভাক পৰাস্ত কৰি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰথমটো খিতাপ অৰ্জন কৰিছে। প’লেণ্ডৰ স্বিয়াটেকে কালি অল ইংলেণ্ড ক্লাবত অনুষ্ঠিত একপক্ষীয় ফাইনেলত আমেৰিকা যুক্তৰাষ্টৰ আমান্দাক ৬-০, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্বিয়াটেক উইম্বলডন টেনিছ প্রতিযোগিতাৰ খিতাপ দখল কৰা প’লেণ্ডৰ মহিলাৰূপে পৰিগণিত হয়। ইপিনে ব্ৰিটেইনৰ জুলীয়ান কেছ আৰু লয়ড গ্লাছপুলে কালি উইম্বলডনৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰি প্রতিযোগিতাৰ ইতিহাসত ১৯৩৬ চনৰ পাছত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমটো ব্ৰিটিছ যুটী হিচাপে ইতিহাস ৰচনা কৰে। জুলীয়ান আৰু লয়দৰ যুটীটোৱে ফাইনেলত অষ্ট্ৰেলিয়াৰ ৰিংকি হিজিকাটা আৰু নেডাৰলেণ্ডৰ ডেভিদ পেলক ৬-২, ৭-৬ ছেটত পৰাভূত কৰে। প্রতিযোগিতাত পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ জেনিক ছিনৰ, দ্বিতীয় বাছনিপ্রাপ্ত তথা বিগত দুটা বছৰ খিতাপ অৰ্জন কৰা স্পেইনৰ কাৰ্লোৰ্ছ অল্কাৰাজৰ সন্মুখীন হ’ব।
Site Admin | July 13, 2025 1:26 PM | Iga Swiatek Wins Maiden Wimbledon Title
উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইগা স্বিয়াটেকৰ প্ৰথমটো খিতাপ অৰ্জন
