গোৱাত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ হয়। চলচ্চিত্র মহোৎসৱৰ আজি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্রসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হ’ব। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশৰ চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ আগমন হৈছে। এইবাৰৰ মহোৎসৱত দেশ-বিদেশৰ ২৭০ খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিছে। আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ ২৮ নৱেম্বৰত সামৰণি পৰিব।
Site Admin | November 22, 2025 12:50 PM | IFFI 2025
IFFI-ত কালি দুখন চলচ্চিত্ৰৰ প্রদর্শনেৰে ভাৰতীয় পেনোৰামা আৰম্ভ