November 26, 2025 12:29 PM | IFFI 2025

printer

IFFI-ত কালি দুখন অসমীয়া চলচ্চিত্র প্রদর্শন

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসব-IFFI-ত কালি দুখন অসমীয়া চলচ্চিত্র প্রদর্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শংশাক সমীৰ পৰিচালিত ভাইমনদা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন আজি মহোৎসৱত পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশৰ অগণন চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীৰ সমাগম হৈছে। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিছে। আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ ২৮ নৱেম্বৰত সামৰণি পৰিব।