গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ কাইলৈ সামৰণি পৰিব। মহোৎসৱৰ কলা একাডেমী প্রেক্ষাগৃহত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্র অনুষ্ঠিত হয়। ইয়াৰে এখনত সর্বকালৰ জনপ্ৰিয় হিন্দী চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ হোৱা বিষয়ক লৈ ছবিখনৰ পৰিচালক ৰমেশ চিপ্পিয়ে অংশগ্রহণ কৰে। সদ্যপ্রয়াত যশস্বী অভিনেতা তথা শ্বোলে চলচ্চিত্ৰৰ বীৰু চৰিত্ৰত অভিনয় কৰা ধর্মেন্দ্ৰৰ প্ৰতি অনুষ্ঠানত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত আজি আন এখন গুৰুত্বপূৰ্ণ আলোচনাচক্রত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্র নির্মাতাই অংশ লয়। চলচ্চিত্র নির্মাণৰ খ্যাতিসম্পন্ন সংস্থাৰ পৰা প্ৰশিক্ষণপ্রাপ্ত উত্তৰ পূৰ্বাঞ্চলৰ নতুন প্ৰজন্মৰ চলচ্চিত্র নির্মাতাসকলে কিদৰে ছবি নিৰ্মাণৰ ক্ষেত্ৰত সম্পৰীক্ষা কৰিছে এই বিষয়ে আলোচনা কৰা হয়।
এইবাৰৰ মহোৎসৱত ৮৪ খন দেশৰ ২৭০ খনৰো অধিক চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। মহোৎসৱৰ কেন্দ্ৰীয় ৰাষ্ট্র জাপানৰ ৭ খন ছবি আৰু সহযোগী ৰাষ্ট্র স্পেইনৰ ৪খন ছবি এইবাৰ প্ৰদৰ্শন কৰা হৈছে। যোৱা ২০ নৱেম্বৰত এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছিল।