ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শ্বাৰজাহত আজি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ আৰম্ভ, কাইলৈ ভাৰতৰ প্ৰথম খেল

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ শ্বাৰজাহত আজি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ আৰম্ভ হ’ব। উদ্বোধনী খেলখনত বাংলাদেশ নৱাগত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতে কাইলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। এই মাহৰ ২০ তাৰিখলৈ চলিবলগীয়া প্রতিযোগিতাত মুঠ দহটা দলে অংশগ্রহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন অহা দেওবাৰে অনুষ্ঠিত হ’ব। শেহতীয়া তিনিওবাৰেই টি-২০ বিশ্বকাপ জয় কৰা ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ লগতে ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাক গ্ৰুপ-এত ৰখাৰ বিপৰীতে গ্রুপ বি-ত বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজক ৰখা হৈছে। মঙলবাৰে, ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকাক ২৮ ৰানত পৰাস্ত কৰি ৱাৰ্ম-আপ মেচত একেৰাহে দ্বিতীয়টো জয় লাভ কৰে। ইয়াৰ পূৰ্বে, ভাৰতে ৱেষ্ট ইণ্ডিজক প্ৰথমখন ৱাৰ্ম-আপ মেচত ২০ ৰানত পৰাস্ত কৰিছিল।