আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত খিতাপ দখল কৰা ভাৰতীয় মহিলা দলৰ সদস্যসকলে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিয়ে দলটোক অভিনন্দন জনাই কয়, যে তেওঁলোকে ইতিহাস ৰচনা কৰিছে আৰু যুৱ প্ৰজন্মৰ বাবে আদর্শ হৈ পৰিছে। তেওঁ কয়, যে ভাৰতীয় মহিলা দলে সমাজৰ বিভিন্ন ক্ষেত্র, সামাজিক পৃষ্ঠভূমি আৰু পৰিস্থিতিক প্রতিনিধিত্ব কৰে আৰু দল হিচাপে সমগ্র দেশৰ বিবিধতাৰ পৰিচায়ক। ভাৰতীয় দলক সাতবাৰৰ বিশ্ব চেম্পিয়ন আৰু অপৰাজেয় অস্ট্রেলিয়াক পৰাভূত কৰি নিজৰ সামৰ্থ্যৰ প্ৰতি ভাৰতবাসীক বিশ্বাস সুদৃঢ় কৰা বুলি শ্রীমতী মুর্মুৱে প্রকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ফাইনেলত এটা শক্তিশালী দলক বিশাল ব্যৱধানত পৰাজিত কৰাটো দলৰ শ্ৰেষ্ঠত্বৰ নিদৰ্শন বুলি অভিহিত কৰে। তেওঁ কয়, যে ভাৰতীয় মহিলা ক্রিকেট দলৰ সদস্যসকল আদর্শ হৈ উঠিছে। শ্রীমতী মুর্মুৱে কয়, যে যুৱ প্রজন্ম বিশেষকৈ, ছোৱালীসকল জীৱনত আগবাঢ়িবলৈ তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব। তেওঁলোকে যিধৰণৰ দক্ষতাৰে ইতিহাস ৰচনা কৰিছে, ভবিষ্যতে সেই একেধৰণৰ নিষ্ঠাৰে ভাৰতীয় ক্ৰিকেটৰ শিখৰলৈ লৈ যাব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্রকাশ কৰে। ৰাষ্ট্ৰপতিয়ে ভাৰতীয় মহিলা ক্রিকেট দলৰ বেটিং, বলিং, ফিল্ডিং প্রশিক্ষক তথা সহযোগীসকলৰ ভুয়সী প্রশংসা কৰে। তেওঁলোকে নিজৰ প্ৰদৰ্শনেৰে ভাৰতীয় দলৰ বাবে সফলতাৰ নতুন অভিলেখ গঢ়ি যাব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে কামনা কৰে।
Site Admin | November 6, 2025 8:26 PM | ICC team
আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বিজয়ী ভাৰতীয় মহিলা দলৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ