ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আই চি চি টি-২০ বিশ্বকাপত ছুপাৰ এইট পর্যায়ৰ এখন খেলত ভাৰতৰ হাতত আফগানিস্তান ৪৭ ৰানত পৰাস্ত

ভাৰতে যোৱা নিশা বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত আই চি চি টি-২০বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে। আফগানিস্তানে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰানহে কৰিবলৈ সমৰ্থ হয়।
প্রতিযোগিতাত আজিৰ দুখন খেলৰ প্ৰথমখনত অষ্ট্ৰেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত বাংলদেশে প্রথমে বেট ধৰি অষ্ট্ৰেলিয়াক ১৪১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৬ অভাৰত ১টা উইকেট হেৰুৱাই ৬৬ ৰান কৰি খেলি আছিল। ইফালে ছেইণ্ট লুছিয়াত হ’বলগীয়া দ্বিতীয়খন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।