October 24, 2025 12:37 PM | ICC Cricket

printer

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত ছেমি ফাইনেলত প্ৰৱেশ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱানিশা নবী মুম্বাইৰ ডি বাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্রথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নির্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন ৪৯ অভাৰতে সীমিত কৰা হয়। মান্ধানাই ১০৯ আৰু বাবলে ১২২ ৰান কৰে। নিউজিলেণ্ডক ডাক বৰ্থ লুইচ পদ্ধতিৰে ৪৪ অভাৰত ৩২৫ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হয়। নিউজিলেণ্ডে নির্ধাৰিত অভাৰত ৮ উইকেটৰ বিনিময়ত ২৭১ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ব্রুক হেলিডে সর্বাধিক ৮১ ৰান কৰে।

ভাৰতে এই জয়ৰ সুবাদত ৬ পইন্ট লাভ কৰি অস্ট্রেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্রিকাৰ সৈতে ছেমি ফাইনেলত প্ৰৱেশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।