October 18, 2025 12:30 PM | ICC

printer

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত দক্ষিণ আফ্রিকাৰ হাতত শ্রীলংকা ১০ উইকেট পৰাস্ত

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্রেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই শ্রীলংকাক ১০ উইকেট পৰাস্ত কৰে। দক্ষিণ আফ্রিকাই ১২১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে শ্রীলংকাই প্রথমে বেট ধৰি ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৫ ৰান সংগ্ৰহ কৰে। বৰষুণৰ বাবে ৫০ অভাৰৰ খেলখন ২০ অভাৰলৈ হ্রাস কৰা হয় আৰু ডি এল এছ পদ্ধতি অনুসৰি দক্ষিণ আফ্রিকাক জয়ৰ বাবে ১২১ ৰানৰ সংশোধিত লক্ষ্য নির্ধাৰণ কৰি দিয়া হয়। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক লৌৰা উলভাদতে ৪৭টা বলত ৬০ ৰান কৰাৰ লগতে নংকুলুলেকু স্নাবাই ৩টা উইকেট দখল কৰে। শ্রীলংকাৰ ভিগ্নী গুনাৰত্নেই ৩৪ ৰান কৰে। লৌৰা উলভাদতক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।

প্রতিযোগিতাত আজি নিউজিলেণ্ড পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।