আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱানিশা বিশাখাপট্টমত অনুষ্ঠিত এখন খেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহৎ লক্ষ্য নির্ধাৰণ কৰি দিয়া সত্বেও পৰাজয়ৰ সন্মুখীন হয়। ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ৪৮ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩০ ৰান সংগ্ৰহ কৰে। অপেনাৰ স্মৃতি মন্ধানাই ৬৬টা বলত ৮০ ৰান কৰাৰ লগতে প্রতিকা ৰাৱলে ৭৫ ৰানৰ বৰঙণি আগবঢ়ায়। অস্ট্রেলিয়াৰ আনাবেল ছুথাৰলেণ্ডে ৫টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৩৩১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি অস্ট্রেলিয়াই ৪৯ অভাৰত ৭ উইকেটৰ বিনিময়ত নির্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ এলিছা হিলিয়ে ১০৭টা বলত ১৪২ ৰান কৰাৰ লগতে এলিছি পেৰীয়ে ৪৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ নাল্লাপুৰেষ্ট্ৰী চৰণীয়ে ৩টা উইকেট দখল কৰাৰ বিপৰীতে দিপ্তী শৰ্মা আৰু অমনজোত কৌৰে দুটাকৈ উইকেট লাভ কৰে। এলিছা হিলিক প্লেয়াৰ অব দা মেচ হিচাপে ঘোষণা কৰা হয়।
Site Admin | October 13, 2025 12:49 PM | ICC Cricket
আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱানিশা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩ উইকেটত জয়লাভ
