ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 10, 2025 12:34 PM | ICC Cricket

printer

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন ভাৰতৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি ভাৰতে নতুন অভিলেখ ৰচিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে ২০০২ চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতে ২০১৩ চনত এম এছ ধোনীৰ নেতৃত্বত এই খিতাপ দখল কৰিছিল। কালিৰ ফাইনেল খেলখনত নিউজিলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ২৫২ ৰানৰ বিজয় লক্ষ্য ভাৰতে ১ অ’ভাৰ আৰু ৪টা উইকেট হাতত থকা অৱস্থাত অতিক্ৰম কৰিবলৈ সমৰ্থ হয়।

নিউজিলেণ্ডে প্রথমে বেটিং কৰি নিৰ্ধাৰিত অ’ভাৰত ৭টা উইকেট হেৰুৱাই ২৫১ ৰাণ কৰে। ডেৰিল মিছেলে ৬৩ আৰু মাইকেল ব্ৰেচৱেলে ৫১ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ৰোহিত শৰ্মা আৰু শুভমন গিলে ১০৫ ৰাণৰ অপেনিং যুটী বান্ধি দলক সুন্দৰ আৰম্ভণি দিয়াৰ পাছত- শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলে দলৰ বিজয় সুনিশ্চিত কৰে। ৰোহিত শর্মাই ৭৬, শ্রেয়াছে ৪৮, কে এল ৰাহুলে ৩৪, অক্ষৰ পেটেলে ২৯ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মালৈ প্লেয়াৰ অৱ দা মেচ আৰু নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰলৈ প্লেয়াৰ অৱ দা ছিৰিজৰ বঁটা আগবঢ়োৱা হয়। যোৱাটো বৰ্ষৰ টি-২০ বিশ্বকাপৰ পাছত এয়া আছিল এটা বৰ্ষৰ ভিতৰত ভাৰতৰ দ্বিতীয়টো আই চি চিৰ খিতাপ ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।